Kishore Kumar Hits

Anurag Xaikia - Tumi Aru Moi lyrics

Artist: Anurag Xaikia

album: Tumi Aru Moi


মলয়াৰে দুপাখিত মায়াবী ৰহণে
হৃদয়ত সানি যায় মৰমবোৰ গোপনে
সুখৰে দলিচাত আৱেগে সাৰ পালে
নিৰলে-নিথৰে কিনো ক'ব খোজে?
বিষন্নতাৰে ভৰি আছে হৃদয়
বুজাব নোৱাৰোঁ, এই কিনো প্ৰণয়!
বিষন্নতাৰে ভৰি আছে হৃদয়
বুজাব নোৱাৰোঁ, এই কিনো প্ৰণয়!
আজি তুমি-তুমি লগা প্ৰতিটো কথা
দুটি ওঁঠত সাঁচি ৰাখা প্ৰতিটো ভাষা
অ', নীৰৱ নিশা
ইযে কিনো ভাৱনা!
তুমি আৰু মই মাথোঁ এক হোৱা
তুমি আৰু মই মাথোঁ এক হোৱা

উন্মনা হৃদয়তে আজি কিহৰে আলোড়ন?
হেৰাই যোৱা অতীতৰ সোঁৱৰণ
ৰৈ যোৱা সময়ৰে এই জীয়া শিহৰণ
ঠুনুকা তোমাৰ হিয়াত প্ৰেমৰ মিঠা আৱৰণ
বিষন্নতাৰে ভৰি আছে হৃদয়
বুজাব নোৱাৰোঁ, এই কিনো প্ৰণয়!
বিষন্নতাৰে ভৰি আছে হৃদয়
বুজাব নোৱাৰোঁ, এই কিনো প্ৰণয়!
আজি তুমি-তুমি লগা প্ৰতিটো কথা
দুটি ওঁঠত সাঁচি ৰাখা প্ৰতিটো ভাষা
নীৰৱ নিশা
ইযে কিনো ভাৱনা!
তুমি আৰু মই মাথোঁ এক হোৱা
তুমি আৰু মই মাথোঁ এক হোৱা

Поcмотреть все песни артиста

Other albums by the artist

Similar artists