ISLAND WARRIOR - Punakon lyrics
Artist:
ISLAND WARRIOR
album: Punakon
Island Warrior
Majuli
দিনৰ পৰা ৰাতি, ৰাতিৰ পৰা দিন
প্ৰতিটো পলেই যেন লাগে কঠিন
প্ৰতিটো পলতে কৰিছো অপেক্ষা
বিচাৰি ফুৰিছো জীৱনৰ সমীক্ষা
নাজানো কিহত মোৰ হৈ গ'ল নো ভুল
লিখালোঁ-পঢ়ালোঁ পঠালোঁ স্কুল
পঢ়ি-শুনি ডাঙৰ হৈ গ'ল মোৰ পোনা
সময় নাই কবলে দেউতা এবাৰ শুন
থাকে সি দূৰত ঘটিছে টকা
চলাবলৈ গাড়ী, থাকে অট্টালিকাত
সময়ৰ সোঁততে বৈ গ'ল মোৰ সোন
টকাৰে আগত আই-পিতাই নো কোন!
শুন পোনা বুকুখন আজি বৰকৈ কঁপিছে
আজি বৰকৈ কঁপিছে!
তোলৈ মনত আজি বৰকৈ পৰিছে
আজি বৰকৈ পৰিছে!
শুন পোনা বুকুখন আজি বৰকৈ কঁপিছে
তোলৈ মনত আজি বৰকৈ পৰিছে
তোৰ চিন্তাই মোৰ টোপনি হৰিছে
তোৰ পিতাইৰ বুকুখন যেন জহিছে-খহিছে
ফিকা মোৰ বিহু, ফিকা মোৰ পূজা
তোৰ অবিহনে সব খালি কিয় নুবুজ
পিতাই বুলি এবাৰ মাতচোন মোৰ সোন
তয়েই মোৰ পুঁজি আৰু তয়েই আপোন
কান্ধত উঠাই তোক দেখুৱালো পৃথিৱী
ভাবিছিলোঁ পৃথিৱীখন মোৰ বাবে জিনিবি
ভবাই নাছিলোঁ ইমান দূৰ হৈ যাবি বুলি
ক পোনা ঘৰলৈ কেতিয়াকে ঘূৰিবি
আইয়ে থাকে কান্দি সদায় তোৰ বাবে বাট চাই
তোৰ কথা ভাবি আইয়ে ওৰে ৰাতি সাৰ পাই
আজি এমাহেই হ'ল তোৰ মাতটো নুশুনা
ক পোনা ফোন এটা কেতিয়াকে কৰিবি
খালি মোৰ বুকু, খালি মোৰ চোতাল
তই কাষত নাই, ফুটা মোৰ কপাল
সময়ৰ সোঁততে বৈ গ'ল মোৰ সোন
টকাৰে আগত আই পিতাই নো কোন!
সদায় আলাসত ডাঙৰ হোৱা পোনাকণ
আজি পঢ়ি-শুনি ৰজা হ'ল!
আৰু যাৰ কান্ধত উঠি গোটেই পৃথিৱীখন চালে
সেই আই-পিতাই আজি তাৰ বাবে বোজা হ'ল!
পোনাকণ ডাঙৰ হ'ল
নদী বিচাৰি সি সাগৰৰ পৰা আঁতৰ হ'ল!
শুন পোনা বুকুখন আজি বৰকৈ কঁপিছে
আজি বৰকৈ কঁপিছে!
তোলৈ মনত আজি বৰকৈ পৰিছ
আজি বৰকৈ পৰিছে!
শুন পোনা বুকুখন আজি বৰকৈ কঁপিছে
তোলৈ মনত আজি বৰকৈ পৰিছে
তোৰ চিন্তাই মোৰ টোপনি হৰিছে
তোৰ পিতাইৰ বুকুখন যেন জহিছে-খহিছে
ফিকা মোৰ বিহু, ফিকা মোৰ পূজা
তোৰ অবিহনে সব খালি কিয় নুবুজ
পিতাই বুলি এবাৰ মাতচোন মোৰ সোন
তয়েই মোৰ পুঁজি আৰু তয়েই আপোন
থাকে সি দূৰত ঘটিছে টকা
চলাবলৈ গাড়ী, থাকে অট্টালিকাত
সময়ৰ সোঁততে বৈ গ'ল মোৰ সোন
টকাৰে আগত আই-পিতাই নো কোন!
Поcмотреть все песни артиста
Other albums by the artist