Debabrata Gogoi - Bastob lyrics
Artist:
Debabrata Gogoi
album: Bastob
বাস্তৱে প্ৰতিবাদ কৰে
অনুৰাগী মনে যেতিয়া তোমাক সোঁৱৰাব বিচাৰে
ভাৱনাই আৱৰে
কলমৰ নীলা চিয়াঁহী কাগজত কবিতা হৈ বিয়পে
চাইনো চাই থাকিবৰ হেঁপাহ আছে যদিও
ভাল পাব জানো মোৰ অধিকাৰ আছে?
হিয়াভৰা মৰমবোৰ বুকুত গোটাই গোটাই
আজি শিলৰ দৰে কঠোৰ হৈ বুকু ফালে
মনে কান্দে, মনে তোমাক বিচাৰে
মনে কান্দে, মনে তোমাক সোঁৱৰে
মনে কান্দে, মনে বাস্তৱৰ কথা ভালদৰে জানে
মনে বাস্তৱৰ কথা ভালদৰে জানে
♪
সোঁৱৰণিৰ দলিচাতে তোমাৰ হাঁহি বিৰিঙে
ৰং সানে নিশাই সপোনে
ধীৰে ধীৰে তুমি আহি জ্বলালাহি আশাৰ চাকি
পাহৰা সপোনো ওভতে
বাস্তৱে প্ৰতিবাদ কৰে
অনুৰাগী মনে যেতিয়া তোমাক সোঁৱৰাব বিচাৰে
ভাৱনাই আৱৰে
কলমৰ নীলা চিয়াঁহী কাগজত কবিতা হৈ বিয়পে
Поcмотреть все песни артиста
Other albums by the artist