Mrityunjoy Kakati - Protishruti lyrics
Artist:
Mrityunjoy Kakati
album: Protishruti
স্মৃতি সামৰি আছোঁ নিৰৱে কিদৰে মই জানা!
ফাগুনী মলয়া সকলো ছলনা, মাথোঁ অযুত বেথা
সেইযে তোমাৰ প্ৰতিশ্ৰুতিভৰা দুচকুৰ ভাষাও মিছা
অ', ৰিক্ত হিয়াতে আজি স্তব্ধ অলেখ বাসনা
ভগ্ন সপোনৰে যে আৰ্তনাদ
মৌন ওঁঠৰে ভাষা, ৰুগ্ন স্মৃতিৰে গাথা
নাই ক'বলে' কোনো, শূন্য যেন এই ধৰা
সময়ৰে ছলনা কাহানিও নভবা
যাবৰে আছিল যদি কিয় আহিছিলা!
বিষাদৰে কবিতা চকুলোৰে বাগৰা
যাযাবৰী আজি মই আপোন পাহৰা
স্মৃতি সামৰি আছোঁ নিৰৱে কিদৰে মই জানা!
♪
জোনাকতো মোৰ তমসা
উশাহৰো নাই ভৰসা
এনেকৈয়ে জীয়াই আছোঁ মই
মোৰ নতুন সময় আহিব জানো!
জোনাকতো মোৰ তমসা
উশাহৰো নাই ভৰসা
এনেকৈয়ে জীয়াই আছোঁ মই
স্মৃতি সামৰি আছোঁ নিৰৱে কিদৰে মই জানা!
সেইযে তোমাৰ প্ৰতিশ্ৰুতিভৰা দুচকুৰ ভাষাও মিছা
Поcмотреть все песни артиста
Other albums by the artist