Kishore Kumar Hits

Dyou - Roi Jua lyrics

Artist: Dyou

album: Roi Jua


ৰৈ যোৱা হৃদয়ৰ সেই কথাবোৰ
শুনিবলে' আজৰি হ'বানে, সোণ?

ৰৈ যোৱা হৃদয়ৰ সেই কথাবোৰ
শুনিবলে' আজৰি হ'বানে, সোণ?
লৈ যাম তোক, আনে নেদেখা মোৰ পৃথিৱী
কৰিবলে' আমনি জীৱনজুৰি
ৰৈ যোৱা হৃদয়ত হেঙুলী এই আবেলি
বৈ যোৱা সময়ক কৰিবলে' সোণালী
নৈ হোৱা মৰমৰ স্মৃতি হ'বাঁ সুৱদি
ৰৈ যোৱাঁ জীৱনত দিবলে' সঁহাৰি

আলসুৱা হেঁপাহৰ বহু সপোন
নজনাকে' হ'বাগে' আনৰ আপোন

আলসুৱা হেঁপাহৰ বহু সপোন
নজনাকে' হ'বাগে' আনৰ আপোন
উভতি চালে ভুলতো এবাৰ
আধৰুৱা বাটে পাবা মোক প্ৰতিবাৰ
ৰৈ যোৱা হৃদয়ত হেঙুলী এই আবেলি
বৈ যোৱা সময়ক কৰিবলে' সোণালী
নৈ হোৱা মৰমৰ স্মৃতি হ'বাঁ সুৱদি
ৰৈ যোৱাঁ জীৱনত দিবলে' সঁহাৰি

Поcмотреть все песни артиста

Other albums by the artist

Similar artists