Island Warrior
Majuli
Crush
প্ৰথম চাৱনিতে জানানে হেৰুৱাই দিলোঁ মই মোৰ মন
নাজানো কি আছিল দুচকুত জোকাৰি গ'লা মোৰ দেহ-মন
তোৰ সেই মিঠা হাঁহিটিয়েই জীপাল কৰিলে মোৰ মন
দিলোঁ মই তোকে জাননে কাকো দিয়া নাছিলোঁ সেই ক্ষণ
ঐ ছোৱালী মোৰ কথা এটা শুন
তোৰ নূপুৰৰ মাত কাণত বাজে ৰুণ-ঝুন
তয়েই মন আকাশৰ পূৰ্ণিমাৰ জোন
তয়েই মোৰ ধৰণী, তয়েই মোৰ সোণ
তোৰ মিঠা হাঁহিটিয়ে কৰে মোক kill (kill)
তোৰ সেই চাৱনিত আছে যে feel (feel)
দিনে-ৰাতিয়ে তোৰ কথাকে ভাবিছোঁ
এতিয়া কেনেকে কৰো মই chill (chill, chill, chill)
প্ৰতিপলে মনে যে বিচাৰে তোক
অভিমানী মনটোৰ তইয়েহে সুখ
তৰা নহয় তই মোৰ পূৰ্ণিমাৰ জোন
আলফুলে ৰাখিম বুকুতে তোক
মনৰ ভিতৰত বহুতো কথা আছে
কাকোৱেই বুজাব নোৱাৰোঁ (কাকোৱেই বুজাব নোৱাৰোঁ)
বহিলৈ কাষতে জাননে তোকেহে ক'ব মই খুজিছোঁ
জীৱনৰ যুঁজখনত জাননে অকলে-অকলে যুঁজিছো (অকলে-অকলে যুঁজিছো)
বাকী থকা বাটতো জাননে তোৰ লগতে যাব খুজিছোঁ
ক'ব খুজিছোঁ তোক মই কিমান যে ভাল পাওঁ
আশাৰে নাওঁখনিত বহ মই ব'ঠা বাওঁ
হ মোৰ ৰাণী, মই তোৰ ৰজা হওঁ
তই মোৰ crush, অ মই সঁচা কওঁ
তোৰ সেই মুখখনি যেন আজীৱন চাই ৰ'ম
জীৱনৰ সাঁকোডাল একেলগে পাৰ হ'ম
অশান্ত মন মোৰ তোকেই যে ভাল পাওঁ
গাঁৱলীয়া ল'ৰা মই এনেকৈয়ে কথা কওঁ
প্ৰতিপলে মনে যে বিচাৰে তোক
অভিমানী মনটোৰ তইয়েহে সুখ
তৰা নহয় তই মোৰ পূৰ্ণিমাৰ জোন
আলফুলে ৰাখিম বুকুতে তোক
প্ৰতিপলে মনে যে বিচাৰে তোক
অভিমানী মনটোৰ তইয়েহে সুখ
তৰা নহয় তই মোৰ পূৰ্ণিমাৰ জোন
আলফুলে ৰাখিম বুকুতে তোক
Поcмотреть все песни артиста
Other albums by the artist