Kishore Kumar Hits

Rajnish Saikia - Mone Bisare lyrics

Artist: Rajnish Saikia

album: Mone Bisare


যিমানে বিচাৰোঁ তোমাকে
মায়াবী ৰাতিয়ে উচুপে
আৱেগো বৰষা হৈ আহে
হেঁপাহৰ ৰঙীন বোকোচাতে
আশাৰে বালিঘৰে
সাজিছোঁ মই কলিজাৰে
পলাশে কয় ফাগুনকে
তুমি আহিবা বুলি
কাষে-কাষে খোজ দিবলৈ
হাতে-হাতে ধৰিবলৈ
লাহে লাহে ভাল পাবলৈ
মনে বিচাৰে আজি

প্ৰেমৰ নিশাবোৰে যে
গণি গণি, ভাবি ভাবি তোমালে' ৰয়
ওঁঠৰ এধানি হাঁহিত
কাহিনী হৈ নিগৰি বয় মৰমৰে নৈ
আশাৰে বালিঘৰে
সাজিছোঁ মই কলিজাৰে
পলাশে কয় ফাগুনকে
তুমি আহিবা বুলি
কাষে-কাষে খোজ দিবলৈ
হাতে-হাতে ধৰিবলৈ
লাহে লাহে ভাল পাবলৈ
মনে বিচাৰে আজি

মনে বিচাৰে

Поcмотреть все песни артиста

Other albums by the artist

Similar artists