Tanveer Masoom - Taik Uriboloi De lyrics
Artist:
Tanveer Masoom
album: Taik Uriboloi De
Island Warrior
Majuli
তাইক উৰিবলৈ দে
তাইক উৰিবলৈ দে
তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে
তাইক উৰিবলৈ দে
তাইক উৰিবলৈ দে
মনৰ আকাশ খনত উৰিবলৈ দে
তাইক ঘূৰিবলৈ দে
তাইক ঘূৰিবলৈ দে
তাইক স্বাধীন ভাৱে আজি ঘূৰিবলৈ দে
তাইক আঁজুৰিবলৈ দে, আঁজুৰিবলৈ দে
তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে
তাইক ভাঙিবলৈ দে
তাইক ভাঙিবলৈ দে
তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে
তোৰ দৰে তাইৰো বহু আছে জান সপোন
ভাবি ভাবি পাৰ হয় কোন পৰ কোন আপোন
বাৰে-বাৰে ভাগে তাইৰ মনৰ সেই দাপোন
কেনেকৈ দেখে তাই আকৌ নতুন সপোন
প্ৰেমত হাৰিছে তাই, হৃদয় তাইৰ ভগ্ন
Cell Phone-ত আজি প্ৰেম তাইৰ নগ্ন
মনৰ দুখত তাই হতাশাত আসক্ত
মন ভাঙি-চিঙি তাইৰ খণ্ড-বিখণ্ড
তাইৰো আছে আশা বহু
জীয়াবলে দে (তাইক উৰিবলৈ দে, তাইক উৰিবলৈ দে)
তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে
তাইক উৰিবলৈ দে
তাইক উৰিবলৈ দে
তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে
সম্পৰ্কবোৰৰ আঁৰত থকা ভেশবোৰ
ধূলিৰে আৱৰা তাৰ হাতৰ ৰূপবোৰ
সৰু মনটোক দিয়া মিছা লালসাবোৰ
তাৰ সলনি কৰা দেহা স্পৰ্শবোৰ
মুখবোৰ নুখুলিবি, সমাজত হ'বি বদনামী
সন্মানটো ডাঙৰ, হোৱাটো পাহৰ, মাতটো সৰু কৰ, উৰি ফুৰা বন্ধ কৰ তই ছোৱালী
ক'বলৈ গ'লে নাৰীত্ব দিৱস উদযাপনৰ কাৰণে ভাৰতবৰ্ষত
কোটি-কোটি টকা খৰচ কৰি উৎসৱ পতা হয়
কিন্তু অতি দুখৰ কথা
সেই উৎসবলৈ ৰাতি মোৰ ভনীজনী অকলে যাব নোৱাৰে
কিয়
প্ৰবল সোঁতত তাইৰ নাওঁখন ভৰসাৰ
বাৰে বাৰে কিয় তাই বলি হয় কামনাৰ
Social Media-ত কিমান লিখিম #NoRape
এই দিনবোৰৰ কেতিয়া হ'ব শেষ
তাইৰো আছে আশা আছে তাইৰো আৱেগ
কাপোৰবোৰ লাগিবই চুটি চিন্তাহৈ ঠেক
সঁচাকৈয়ে বাৰু আজি স্বাধীন নে এই দেশ
নে মৰি গ'ল মানৱীয়তা, মৰি গ'ল আৱেগ
কেতিয়াবা নিজকে কৰ তই প্ৰশ্ন
কোন ইয়াত ঠিক আৰু কোন পথভ্রষ্ট
ভিন্ন ৰূপত তাই আছে তোৰ লগত হ'লেও
বাৰে বাৰে তাই কিয় পাব লাগে কষ্ট
সমাজ সলাবলে সলাব লাগিব চিন্তা
পঢ়া শুনাই নহয় লাগিব নৈতিক শিক্ষা
নহ'লে বাৰে বাৰে একেই কাহিনী হ'ব
খুজিব লাগিব আমি ন্যায়ৰ ভিক্ষা
(খুজিব লাগিব আমি ন্যায়ৰ ভিক্ষা)
তাইক উৰিবলৈ দে
তাইক উৰিবলৈ দে (তাইক উৰিবলৈ দে)
তাইক নিজৰ সপোনবোৰ আঁজুৰিবলৈ দে (তাইক উৰিবলৈ দে)
তাইক উৰিবলৈ দে
তাইক উৰিবলৈ দে
তাইক বাধাৰ পাহাৰবোৰ ভাঙিবলৈ দে
Поcмотреть все песни артиста
Other albums by the artist