Tanveer Masoom - Anuradha lyrics
Artist:
Tanveer Masoom
album: Anuradha
সৰা বৰষুণক সাৱটি বুকুৱে কান্দে উজাৰি
নিজানতে পোৱা বেদনাতে থমকিল মনকলাপী
শেঁতা ছবিৰ আঁৰত লুকাই আছে মোৰ হাঁহিটি
হেৰাই যোৱা প্ৰহৰ জানো আকৌ আহে উভতি?
আৱেগ মোৰ আজি ক'তেনো হেৰায়?
তুমি যদি পোৱা দিবাহি ঘূৰাই
মোৰ হিয়াৰ প্ৰতিটো এনাজৰী
অনুৰাধা মোৰ তুমি
মোৰ হিয়াৰ প্ৰতিটো এনাজৰী
অনুৰাধা মোৰ তুমি
♪
সৰগী মাতেৰে শূন্য তমসা তুমি দীপ্ত কৰা
সমীৰৰ ছলতে মোৰ অপূৰ্ণ হিয়াতে মৰম সানা
♪
সৰগী মাতেৰে শূন্য তমসা তুমি দীপ্ত কৰা
সমীৰৰ ছলতে মোৰ অপূৰ্ণ হিয়াতে মৰম সানা
মনৰে গোলাপৰ পাহে পাহে
সুবাসৰ প্ৰসূতি
মায়াহীন সময়ৰ
নতুন পাতনি
মোৰ হিয়াৰ প্ৰতিটো এনাজৰী
অনুৰাধা মোৰ তুমি
মোৰ হিয়াৰ প্ৰতিটো এনাজৰী
অনুৰাধা মোৰ তুমি
Поcмотреть все песни артиста
Other albums by the artist