সামৰি থ'লোঁ আবেলিৰ হিচাপ
জোখমাখ মানুহৰ
আৱৰি পেলাই আঁচলেৰে এন্ধাৰ
খেলিমেলি সময়ৰ
ভৰসা বিচাৰি
ওলাই ঘৰ সাজোঁ এই চহৰত
ভৰসাই জীয়াই ৰাখে
উদং চকুত উশাহ মানুহৰ
দেশে-দেশে যুঁজ কত
মনৰ দেৱালত দুখ কত
মুখে-মুখে মুখা কত
হাবাথুৰি-জোৱাৰ কত
অবিহনে ভৰসাৰ নাই সাগৰ, মৰুভূমি
অবিহনে ভৰসাৰ নাই মানুহ, উকা ছবি
সামৰি থ'লোঁ আবেলিৰ হিচাপ
জোখমাখ মানুহৰ
আৱৰি পেলাই আঁচলেৰে এন্ধাৰ
খেলিমেলি সময়ৰ
♪
উজাৰি আৱেগ কত চকুৱে
সাজিছে-মচিছে পৃথিৱী
সুধিছে মনে হাঁহি ওমলাবলে'
"লাগে কিমান সঁহাৰি?"
ক'লা-বগা ডাৱৰ বগাই
সাজি সাজি আকাশ
জীয়াবলে' লাগে কিনো!
মানুহৰ এষাৰি মাত
সামৰি থ'লোঁ আবেলিৰ হিচাপ
জোখমাখ মানুহৰ
ভৰসা বিচাৰি
ওলাই ঘৰ সাজোঁ এই চহৰত
ভৰসাই জীয়াই ৰাখে
উদং চকুত উশাহ মানুহৰ
Поcмотреть все песни артиста
Other albums by the artist