Shankuraj Konwar - Kukuha lyrics
Artist:
Shankuraj Konwar
album: Kukuha
এই সময়
শিল হৈ সৰা প্ৰলয়
এই সময়
হিম হৈ দেই যায় হৃদয়
শুব দে শুব দে এবাৰ শুব দে
ভাগৰৰ হিমালয়
পৰাণৰ এঙাৰৰ কুকুহা উৰি যায়
ধৰফৰ অনুনয়
এই সময়
♪
উজাগৰ মোৰ
প্ৰতি ৰাতি
ভগা ভাওনাৰ পিতামহে
উচুপি কিনো কয়?
অ' বচনৰে অজগৰে
বগোৱা বাই বুকু পালে
ৰাজহাড় তুলি লয়
কাঁইটীয়া মোৰ শেতেলীতে
শেষনিয়তি
খেলিমেলি মোৰ জীৱনৰ মই
নিজেই সমাধি
অ', শুব দে শুব দে এবাৰ শুব দে
ভাগৰৰ হিমালয়
পৰাণৰ এঙাৰৰ কুকুহা উৰি যায়
ধৰফৰ অনুনয়
এই সময়
♪
পাপৰে পুখুৰীতে গানৰে কিৰীলি
পাষাণৰে দেওশাল
কুৰুকি কুৰুকি অতীতৰ আহুতি
খৰমান মহাকাল
ধৰাতে ধাৰাসাৰ ধুমুহাৰ ধূলি
শুব দে শুব দে এবাৰ শুব দে
ভাগৰৰ হিমালয়
পৰাণৰ এঙাৰৰ কুকুহা উৰি যায়
ধৰফৰ অনুনয়
এই সময়
Поcмотреть все песни артиста
Other albums by the artist