Kishore Kumar Hits

Bishrut Saikia - Upohar Reprise (Ogrogami) lyrics

Artist: Bishrut Saikia

album: Upohar Reprise (Ogrogami)


বুকুৰে মাজতে তুমি মন মোৰ
দিঠকত তুমি বহু দূৰ
নিজৰাৰ দৰে তুমি আছা বৈ
সিৰে সিৰে মোৰ ৰক্ত হৈ
একা বেঁকা জীৱন পথত
সান্তনা তুমি মনৰ
ৰ'দালি আহে ডাৱৰ ফালি
বৰষাৰ শেষত সেয়া তুমি নেকি?
তুমি মোৰ সেই কাহিনী
আনে ফুৰে যি বিচাৰি
দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
চাওঁ থমকি সকলো পাহৰি
স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
কাষতে তোমাৰ ৰ'ম ছাঁয়া হৈ
পৰিব নিদিওঁ ভাঙি
সময়ৰ পাতত ল'বা লিখি
মোৰ এই মৰম তোমাৰ বুলি
তুমি যেন উপহাৰ এটি

Поcмотреть все песни артиста

Other albums by the artist

Similar artists