Nilotpal Bora - Duronir Paharor lyrics
Artist:
Nilotpal Bora
album: Duronir Paharor
দূৰণিৰ পাহাৰৰ
চিনাকি বাটেৰে
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ
কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
পাহাৰীয়া মৰমৰ
ঢৌ খেলা ৰ'দালিত
মনে মোৰ নদী হৈ
আকাশলৈ চায়
পাহাৰীয়া বতাহৰ
সুমথিৰা আবেলিত
মনে মোৰ কহুৱা হৈ
হালি জালি চায়
দূৰণিৰ পাহাৰৰ
চিনাকি বাটেৰে
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ
কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
অ' বেলি
ঘৰমুৱা হ'লি
জোন তৰাৰ
খিলিমিলি হাঁহিত
অচিনা নিয়ৰৰ গধুলি
নিজানৰ সুহুৰি বজালি
ৰিণিৰিণি দূৰণিত
অ আ ক খ ৰ কিৰিলি
জোনাকত কবিতা হৈ ফুলে
ৰিণিৰিণি দূৰণিত
অ আ ক খ ৰ কিৰিলি
জোনাকত কবিতা হৈ ফুলে
দূৰণিৰ পাহাৰৰ
চিনাকি বাটেৰে
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ
কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
পাহাৰীয়া মৰমৰ
ঢৌ খেলা ৰ'দালিত
মনে মোৰ নদী হৈ
আকাশলৈ চায়
পাহাৰীয়া বতাহৰ
সুমথিৰা আবেলিত
মনে মোৰ কহুৱা হৈ
হালি জালি চায়
দূৰণিৰ পাহাৰৰ
চিনাকি বাটেৰে
ৰামধেনু বিচাৰি যাওঁ
সেউজীয়া পৃথিৱীৰ
কুমলীয়া হৃদয়ৰ
ঠিকনা বিচাৰি পাওঁ
Поcмотреть все песни артиста
Other albums by the artist