Kishore Kumar Hits

Amar Sivam - Henguliya lyrics

Artist: Amar Sivam

album: Henguliya


হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাৱনা
মতলীয়া মোৰ গানৰ তোমাতেই সাধনা

হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাৱনা
মতলীয়া মোৰ গানৰ তোমাতেই সাধনা
জাগি উঠা হেঁপাহৰ তুমিয়েই প্ৰেৰণা
সাঁচি থোৱা মৰমৰে তুমিয়েই ঠিকনা
আহিবানে তুমি দিবলে' সঁহাৰি?
যাচিবানে তুমি মৰম এধানি?
হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাৱনা
মতলীয়া মোৰ গানৰ তোমাতেই সাধনা
মতলীয়া মোৰ গানৰ তোমাতেই সাধনা

গোপনে বুকুত শিপালা তুমি মোৰ
লাজুকী হাঁহিৰে হৰিলা তুমি মোক
ফাগুনী পছোৱাৰে সাৱটিলা তুমি মোক
সপোনী বাটেৰে আদৰিলা তুমি মোক
আধা-লিখা জীৱনৰে তুমিয়েই কবিতা
জ্বলি উঠা প্ৰণয়ৰে তুমিয়েই শলিতা
আহিবানে তুমি দিবলে' সঁহাৰি?
যাচিবানে তুমি মৰম এধানি?
সাঁচি থোৱা মৰমৰ তুমিয়েই ঠিকনা
জাগি উঠা হেঁপাহৰে তুমিয়েই বাসনা
হেঙুলীয়া মোৰ মনৰ তোমাতেই ভাৱনা
মতলীয়া মোৰ গানৰ তোমাতেই সাধনা

Поcмотреть все песни артиста

Other albums by the artist

Similar artists