Amar Sivam - Lahori lyrics
Artist:
Amar Sivam
album: Lahori
এধানি মৰম বুকুত লৈ আহিছোঁ জানা তোমালৈ
লিখিছোঁ প্ৰেমৰ কবিতা মই, হ'বানে তুমি মোৰে, ঐ?
♪
হ'বানে তুমি মোৰে, ঐ?
অজানিতে মনে মনে তোমাক পোৱাৰ হেঁপাহেৰে
অভিমানী সপোনে মোৰ উলাহতে উৰা মাৰে
ওঁঠতে হাঁহি, তোমাৰ লাজুকী চাৱনি
কিনো মায়া সানিলা! মন হৰিলা তুমি
ৰঙা দুগালত প্ৰেমৰ ৰং সানি
সপোনে-দিঠকে তুমি মোৰ লাহৰী
তুমি জানা সঁচাকৈ জনমে-জনমলে', ঐ
থাকিবানে কাষতে ৰৈ মৰম দুবাহুতে লৈ?
ওঁ-ওঁ-ওঁ, তুমি মোৰ হোৱাঁনা
ওঁ-ওঁ-ওঁ, সাৱটি লোৱাঁনা
ওঁ-ওঁ-ওঁ, তুমি মোৰ হোৱাঁনা
ওঁ-ওঁ-ওঁ, এবাৰ কোৱাঁনা
♪
এখনি মোৰে হিয়া তোমাতে বলিয়া
ক'ব খোজোঁ তোমাকে মোৰ মনৰে কথা
বিচাৰি ঠিকনা, তোমাৰ ভালপোৱা
ৰাখিমে তোমাকে মোৰে বুকুতে জানা!
তুমি জানা, তুমি জানা, তুমি জোনাকী নিশা
বুকুভৰা এই মৰম তুমি লোৱাঁনা
প্ৰেমৰে চিয়াঁহীৰে আঁকোঁ তোমাকে জানা!
থমকি মই ৰ'লোঁ তোমাতেই এতিয়া
তুমি জানা সঁচাকৈ জনমে-জনমলে', ঐ
থাকিবানে কাষতে ৰৈ মৰম দুবাহুতে লৈ?
ওঁ-ওঁ-ওঁ, তুমি মোৰ হোৱাঁনা
ওঁ-ওঁ-ওঁ, সাৱটি লোৱাঁনা
ওঁ-ওঁ-ওঁ, তুমি মোৰ হোৱাঁনা
ওঁ-ওঁ-ওঁ, এবাৰ কোৱাঁনা
ওঁঠতে হাঁহি, তোমাৰ লাজুকী চাৱনি
কিনো মায়া সানিলা! মন হৰিলা তুমি
ৰঙা দুগালত প্ৰেমৰ ৰং সানি
সপোনে-দিঠকে তুমি মোৰ লাহৰী
Поcмотреть все песни артиста
Other albums by the artist