Kishore Kumar Hits

Amar Sivam - Mohini lyrics

Artist: Amar Sivam

album: Mohini


মিচিকিয়া সেই হাঁহি
দুচকুত আছে ভাহি
তুমিয়েই যে মোৰ মনমোহিনী
হৰিণী-চকুযুৰি
মন মোৰ নিলে কাঢ়ি
হৃদয়ৰে মোৰ তুমি মোহিনী
প্ৰেমৰে নৈ বৈছে বুকুতে, ঐ
ৰাখিমে তোমাকে মই কোনেও নজনাকৈ
জোনাকী আকাশতে যিদৰে তৰা থাকে
তুমিও থাকিবানে আজীৱন কাষৰতে?
তুমিও থাকিবানে আজীৱন কাষৰতে?
তুমিও থাকিবানে আজীৱন কাষৰতে?

দুহাত ৰাঙলী, লিহিৰী আঙুলি
দিবানে বুলাই মৰম সানি?
প্ৰতিটো পলতে উশাহৰ মাজতে
অনুভৱ মোৰ ৰয় তোমাতেই
মিচিকিয়া সেই হাঁহি
দুচকুত আছে ভাহি
তুমিয়েই যে মোৰ মনমোহিনী
হৰিণী-চকুযুৰি
মন মোৰ নিলে কাঢ়ি
তুমিয়েই যে মোৰ জানা মোহিনী!

পোহৰৰ চানেকি, তুমিয়েই ৰ'দালি
আহিবা জানো হৈ লখিমী?
সেন্দুৰৰ ৰহণে ৰঙাব শিৰকে
চাই ৰ'ম মাথোঁ তোমাকেই
মিচিকিয়া সেই হাঁহি
দুচকুত আছে ভাহি
তুমিয়েই যে মোৰ মনমোহিনী
হৰিণী-চকুযুৰি
মন মোৰ নিলে কাঢ়ি
হৃদয়ৰে মোৰ তুমি মোহিনী
তুমিয়েই যে মোৰ মনমোহিনী
তুমিয়েই যে মোৰ জানা মোহিনী!

Поcмотреть все песни артиста

Other albums by the artist

Similar artists