Amar Sivam - Uvoti Ebar lyrics
Artist:
Amar Sivam
album: Uvoti Ebar
মিহিৰে নাজানে
দুবাহু তোমাত মগন
অ' তুমি, তোমাৰ সুৰেৰে
আবেলিৰ মধুৰ লগন
কি যাদু সানি দুচকু তোমাৰ
আঁতৰি যায়! উভতি এবাৰ
চাব খোজোঁ (চাব খোজোঁ)
অ' পৰিধি, তোমাতে মাথোঁ
শেষ হয় হেঁপাহবোৰো
উজাগৰী নিশা হঠাতেই
বিদায়ী মোৰ গানত আৱেগ বেৰঙী
সানিছে দেখোন সেমেকা হাঁহি
উদাসী ডাৱৰে ধৰিছে সাৱটি
নিলাম বুকুৰ সপোন
♪
সাজিছিলোঁ অযুত সপোন
হিয়াত প্ৰেমৰ বাহাৰ
আহিবা জানো তুমি মোৰ বাবে
আকৌ উভতি এবাৰ?
উশাহে নামানে প্ৰণয়ৰ নাচোন
একেটি কথাৰেই সামৰে দেখোন
দুহাতৰ লগৰী দুখোজত হেৰুৱাওঁ
ভাৱনাৰ চোতালত সন্ধিয়া সামৰোঁ
কি যাদু সানি দুচকু তোমাৰ
আঁতৰি যায়! উভতি এবাৰ
চাব খোজোঁ (চাব খোজোঁ)
অ' পৰিধি, তোমাতে মাথোঁ
শেষ হয় হেঁপাহবোৰো
উজাগৰী নিশা হঠাতেই
উদাসৰ নদীত দুচকু ভাগৰে
সেমেকা চিঠিত ৰৈ যায় মোৰ স'তে
Поcмотреть все песни артиста
Other albums by the artist